পশ্চিমৰ অস্তমিত বেলি

পশ্চিমৰ অস্তমিত বেলি

পশ্চিমৰ অস্তমিত বেলি

গো ধূলিৰে ধূলিয়ৰী হৈছিল
পথৰুৱা আলিবাটটো
ঘৰমুখী পখীৰ কাকলিত
ভাঁহি আহিছিল
এটি কৰুণ সুৰ...
পশ্চিমত তেতিয়া অস্তমিত বেলি
চৌদিশে বিচ্ছুৰিত হেঙুলীয়া আভা....
এটি দিনে মেলানি মাগিছিল
নতুন প্ৰভাতৰ প্ৰতিশ্ৰুতিৰে....

ক্ৰমশঃ এন্ধাৰ বুলীয়া হাবিখনে
প্ৰতীক্ষা কৰিছিল
এটি তৰালী ৰাতিৰ...
যিদৰে প্ৰতীক্ষা কৰিছোঁ মই
তাহানিতে আঁত হেৰুওৱা সপোনটিৰ..

ক'ত ,কেনেকৈ হেৰাই জীৱনৰ ৰং
অপেক্ষা মাথোঁ এমুঠি পোহৰৰ
এটি নতুন প্ৰভাতৰ।

Post a Comment

0 Comments