মা

মা



তোমাৰ আঙুলিত ধৰিয়েই 

 প্ৰথম খোজ পেলালোঁ

তুমি দিয়া আদিপাঠ আওৰাই 

এতিয়া বুলিছোঁ জীৱনৰ বাট।


কাষত নাথাকিলেও 

প্ৰতি মুহূৰ্তত অনুভৱ 

কৰো তোমাৰ উপস্থিতি 

তোমাৰ এষাৰ মৰমৰ মাত

মোৰ জীৱন সঞ্জীৱনী।


মোৰ প্ৰতিটো কামৰ সাক্ষী তুমি

 আৰু প্ৰতিটো কথাৰ শ্ৰোতা

তুমি প্ৰেৰণা জীৱনৰ

মা- তুমি স্নেহৰ আকৰ।

Post a Comment

0 Comments