এমুঠি স্তৱক

এমুঠি স্তৱক



      (১)

জোনাকবোৰো চোন  এতিয়া

 ভাল নালাগে ,

তুমিহীনতাৰ অনুভৱ এটিয়ে 

মোৰ ছৌপাশে মাথোঁ 

বিষাদৰ মেলা পাতে।


          (২)

তুমি যোৱাৰ বাটত

ৰৈ আছোঁ আজিও...

ৰজনীগন্ধাৰ সুবাস সিঁচি 

কিজানি আহা তুমি 

যোৱাৰ বাটেৰে পুনৰ উভতি।

          (৩)

প্ৰতিটো উশাহতে আছা তুমি

এতিয়া তোমাৰ বাবেই উৎসৰ্গিত 

মোৰ প্ৰতিটো পল।

            (৪)

দুপৰৰ নির্জনতাটো 

বিচাৰি ফুৰো

তোমাৰ চিনাকি সুবাস,

তুমি ৰ'দ হোৱা হ'লে

লহপহকৈ বাঢ়িলোঁহেঁতেন

সেউজীয়া এটি গান হৈ

তোমাৰ বুকুত বিলীন হ'বলৈ।

           (৫)

কিযে বিচিত্ৰ এই জীৱন

কেতিয়াবা যদি প্ৰাপ্তিৰ আনন্দই 

মতলীয়া কৰে

কেতিয়াবা আকৌ 

বিষাদৰ কলীয়া ডাৱৰে

আৱৰি দৰে মন।

           (৬)

মনৰ মাজত অলেখ ভাৱনাৰ ঢৌ

কলমৰ লগত যে

শত্ৰুতা গঢ়িছে শব্দবোৰে

অনুভব বোৰৰ উকমুকমি

কিন্তু মই আজি শব্দ বিহীন।

                 (৭)

মোৰ বুকুৰ অটল গহ্বৰত

শুই থকা অনুভূতি বোৰ 

তোমাৰেই অপেক্ষাত,

এদিন হয়তো আহিবা তুমি

চুই দিবা মৰমেৰে

আৰু মই ক্ৰমশঃ তোমাৰ হৈ যাম।

           (৮)

ভালপোৱাৰ কথা নুসুধিবা

নুসুধিবা তোমাক কিমান ভাল পাওঁ

ৰাতিৰ আকাশৰ তৰাৰ দৰে

মহাসাগৰৰ পানীৰ দৰে 

অসীম ভালপোৱাৰ কথা 

নকওঁ তোমাক

মাথোঁ ক'ব পাৰিম

মোৰ নিৰবধি প্ৰেমৰ নদী

অনন্ত কাললৈ বৈ থাকিব

মাথোঁ তোমাৰ বুকুলৈ।

Post a Comment

1 Comments