গোলাপ

গোলাপ



গোলাপ
------------

শ্যামলী পাতৰ আঁৰত
জিলিকে তোমাৰ ৰক্তাভ হাঁহি
বাগিছাজুৰি বিয়পি পৰে  তোমাৰ সুগন্ধি....
ৰৌদ্ৰস্নাতা ৰক্তিমা তুমি
প্ৰকৃতিৰ অপৰূপ সৃষ্টি...
গোলাপ.. তুমি ফুলৰ ৰাণী।

অনাচ্ছাদিত তোমাৰ সুকোমল পাহিত
সমীৰৰ মিঠা আলিংগন..
প্ৰজাপতিৰ প্ৰেমভৰা চুম্বন..
তোমাৰ বুকুত লিখা আছে
অব্যক্ত প্ৰেমৰ কত ইতিহাস.।

কবিৰ কবিতাত তুমি
চিত্ৰকাৰৰ তুলিকাত...
গীতিকাৰৰ সুৰৰ লহৰ তোমাৰ নামত
তুমি এটি সুখৰ ৰাগিনী
চিৰ প্ৰবাহমান।

প্ৰকৃতিৰ অনন্য সৃষ্টি
গোলাপ.. তুমি ফুলৰ ৰাণী।


Post a Comment

0 Comments