অসমীয়া শ্বায়েৰী

অসমীয়া শ্বায়েৰী

               (২৭)
তোমাক কাষত পালে অভিমানবোৰ হিম হৈ গলে,
প্ৰেমৰ নিৰাবধি নদীখন
তোমাৰ বুকুত বিলীন হব খোজে।

              (২৮)
সময়ক জানো পাৰি ৰাখিব ধৰি,
সময়ৰ লগত আগুৱাই গ'লেই
হব পাৰি সুখী।

             (২৯)

সময়ে আমাক দিয়ে শিকনি,
ভাগ্যক শ্ৰমেৰে কৰিব পাৰি সলনি।


            (৩০)

জোৰ কৰি কাকোৱেই ৰাখিব নোৱাৰি,
যোৱাজন টো যাবই,
মাথোঁ সময়ৰ হীন দেৰি।

              (৩১)

মই বিচাৰিছিলোঁ এখন সৰু ঘৰ
য'ত থাকিব আমাৰ সৰু সৰু সপোন,
তুমি বিচাৰিলা অট্টালিকা
য'ত থাকিব মাথোঁ আভিজাত্যৰ চিন।

                  (৩২)

সৰু মানুহ আমি,
আকাশ চুবৰ নাই হাবিয়াস,
 সৰু সৰু সপোনেৰে জীৱন সজাই
সুখী হোৱাৰ কৰো প্ৰয়াস।

                   (৩৩)

হৃদয়ৰ দুৱাৰ খুলি ৰাখিছিলোঁ
তুমি আহিবা বুলি,
আশা মৰহিলে, হাঁহিবোৰ শুকালে
এবাৰো নাহিলা তুমি।

                 (৩৪)

তুমি গুচি গ'লা সেই বাটেৰে
যি বাটে এদিন আহিছিলা।
মই ৰৈ থাকিলোঁ সেই ঠাইতে
য'ত তুমি এৰি থৈ গ'লা।

                   (৩৫)

যি সময় গুচি গ'ল
সেইয়া তোমাৰ নাছিল, 
যি সময় গুচি গ'ল
সেইয়া মোৰ নাছিল,
যি সময় ৰৈ গ'ল
সেইয়া আমাৰ আছিল।

                   (৩৬)

অসৎ পথ কেতিয়াও নহয় সমীচীন,
সৎ পথত থাকি জীৱন কৰা ৰঙীন।

                    (৩৭)

হেঁপাহৰ বৰষুণ জাকে লৈ আহে
এটি সেউজীয়া গান,
পথাৰখনৰ বুকুত বাঢ়ে
শইচ সোণোৱালী সপোন।

                    (৩৮)

যোৱাজন টো গুচিয়েই যায়, 
থকা জনেহে জীৱন ভৰ
জীয়া জুই ফুঁৱাই।

                     (৩৯)

যদি অকলে থকাতেই আনন্দ জীৱনৰ,
কিয় লাগে এখনি হাত মৰমৰ?

                        (৪০)

তুমি নাই বাবে বুকুখন উকা হৈ পৰিল,
এতিয়া আৰু সপোনে পাহি নেমেলে
নুফুলে আৰু ফুল।

                           (৪১)

সলনি কিয় নহম মই
তুমিয়েইটো বাধ্য কৰিছিলা,
সেইয়া যদি মোৰ ভুলেই আছিল
তুমি জানো শুদ্ধ আছিলা?

                        (৪২)

কি যে বিচিত্ৰ এই জীৱন
কেতিয়াবা যদি প্ৰাপ্তিৰ আনন্দই মতলীয়া কৰে,
কেতিয়াবা আকৌ বিষাদৰ এছাতি বতাহে
বিষণ্ণ কৰে মন।

                        

                          (৪৩)

হাঁহি থকা দেখিলেই কাৰোবাক 
সুখী বুলি ক'ব নোৱাৰা,
হাঁহিৰ আঁৰটো থাকিব পাৰে
 অন্তহীন দুখৰ ফোঁৱাৰা।

                        (৪৪)

সুনীল আকাশ জুৰি বিয়পি পৰিছে
সেউজীয়া এমুঠি আশা,
বহল পথাৰখনত বাঢ়ি আহিছে
শইচ সোণোৱালী সপোনৰ গাঁথা।

                     



Post a Comment

0 Comments