মাজুলী
----------
অসমী আইৰ নুমলী জীয়ৰী
মাজুলী.....
মাজুলী মানেই যেন
এটি মিঠা ঐনিতমৰ সুৰ..
মাজুলী মানেই যেন
ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্য
মাজুলী মানেই যেন
সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ..
আৰু মাজুলী মানেই যেন
দুখন সুকীয়া প্ৰতিচ্ছবি...
দুখৰ দিনৰ মাজুলী
দুখৰ দিনত মাজুলীত
পশ্চিমত পানীগছা উঠে
ফেনে ফোটোকাৰে বাঢ়ে ব্ৰহ্মপুত্ৰ
চপৰা চপৰে খহে নৈৰ গৰা...
বহুজনৰ সপোনবোৰ ভাঙি যায়
বহুজনৰ আশা বোৰ উটি যায়
ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতত...
সুখৰ দিনত মাজুলীত....
গুৰুজনাৰ নাম প্ৰসংগত মুখৰিত হয়
মাজুলীৰ আকাশ বতাহ....
কদম গছৰ কানাইৰ মতলীয়া বাঁহীৰ সুৰত
উন্মনা হয় গোপী হৃদয়....
আঘোণৰ সোণোৱালী পথাৰত
পুনৰ গজি উঠে খেতিয়কৰ সপোন..
এনেদৰেই পাৰ হয় সময়..
একেদৰেই বৈ থাকে ব্ৰহ্মপুত্ৰ..
সাজে ভাঙে মাজুলীৰ বুকুত সপোন মাথোঁ।
----------
অসমী আইৰ নুমলী জীয়ৰী
মাজুলী.....
মাজুলী মানেই যেন
এটি মিঠা ঐনিতমৰ সুৰ..
মাজুলী মানেই যেন
ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্য
মাজুলী মানেই যেন
সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ..
আৰু মাজুলী মানেই যেন
দুখন সুকীয়া প্ৰতিচ্ছবি...
দুখৰ দিনৰ মাজুলী
দুখৰ দিনত মাজুলীত
পশ্চিমত পানীগছা উঠে
ফেনে ফোটোকাৰে বাঢ়ে ব্ৰহ্মপুত্ৰ
চপৰা চপৰে খহে নৈৰ গৰা...
বহুজনৰ সপোনবোৰ ভাঙি যায়
বহুজনৰ আশা বোৰ উটি যায়
ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতত...
সুখৰ দিনত মাজুলীত....
গুৰুজনাৰ নাম প্ৰসংগত মুখৰিত হয়
মাজুলীৰ আকাশ বতাহ....
কদম গছৰ কানাইৰ মতলীয়া বাঁহীৰ সুৰত
উন্মনা হয় গোপী হৃদয়....
আঘোণৰ সোণোৱালী পথাৰত
পুনৰ গজি উঠে খেতিয়কৰ সপোন..
এনেদৰেই পাৰ হয় সময়..
একেদৰেই বৈ থাকে ব্ৰহ্মপুত্ৰ..
সাজে ভাঙে মাজুলীৰ বুকুত সপোন মাথোঁ।
0 Comments