শৈশৱ

শৈশৱ

 শৈশৱ
----------


 জীৱনৰ খলা বমা বাটত
 ক্ষন্তেকৰ বাবে ম্লান হয়
 জীৱনৰ ৰং...
 চকুৰ সন্মুখত স্মৃতিৰ অগাদেৱা
সোণোৱালী শৈশৱৰ...
 আইৰ আচলৰ নিভাঁজ মৰমবোৰ....
 পিতাইৰ চোতালৰ নিৰ্দোষ ধেমালিবোৰ...
 জীৱনৰ এচোৱা সুখৰ সময়...
  মোৰ শৈশৱ..
  এতিয়াও ৰিঙিয়াই মাতে মোক
এতিয়াও অকলশৰীয়া নিৰ্জন মুহূৰ্তত
 স্মৃতিবোৰে মনৰ কোমল আঙুলিত ধৰি
 লৈ যায়.....
 এৰি অহা মোৰ সেউজীয়া গাওঁখনলৈ
 মোৰ সোণোৱালী শৈশৱ লৈ......


Post a Comment

0 Comments