বৰষুণ

বৰষুণ

বৰষুণ
---------

বৰষুণৰ বাবেই
লঠঙা গছবোৰত
সেউজীয়া গজে...
সজীৱ মাটিৰ পৰশত
ফুলবোৰে হাঁহে।

বৰষুণৰ বাবেই
ধূলিয়ৰী ধৰাই পিন্ধি লয়
স্বচ্ছতাৰ সাজ..
জীপাল হয়
 খেতিয়কৰ সপোন।

বৰষুণৰ বাবেই
প্ৰকৃতিয়ে পায় প্রাণ
কিয়নো বৰষুণতে যে
নিহিত হৈ থাকে
সৃষ্টিৰ অংকুৰণ।

Post a Comment

0 Comments