শৰৎ
---------
চিনাকি বতাহজাকে কঢ়িয়াই আনিছে
কোনোবা অচিনা বনফুলৰ সুবাস,
সুদূৰ নিলিমাত শুকুলা মেঘৰ ধেমালি
কঁহুৱা কোমল শুভ্ৰতাৰে
সজাই নিজকে...
আহিনৰ পদূলিত সৌৱা শৰৎ।
গা-ভাৰী পথাৰখনৰ ভাঁজে ভাঁজে
বাঢ়ি আহিছে পিতাইৰ সপোন,
সেউজীয়াৰ পৰা সোনোৱালীলৈ...
আইৰ পদূলিত লখিমী আদৰাৰ প্ৰস্তুতি,
গেৰ ধৰা ধানৰ কোমল সুঘ্রানে খেতিয়কৰ মন ৰঙাই..
আহিনৰ পদূলিত
সৌৱা শৰৎ..।
নিশাৰ বুকুত শেৱালিৰ কথকতা,
জালিকতা ৰূপোৱালী জোনাকৰ মিঠা আচ্ছাদনে আবৰে চৌপাশ ..
সিঁচি দিছে একাজলি শীতলতা ,
শেৱালিৰ সুবাসেৰে সুবাসিত কৰি চৌদিশ....
মোৰ পদূলিত
সৌৱা শৰৎ।
শীতৰ কৰি আৱাহন
ছটিয়াই দিছে এআকাশ স্বপ্নৰঙী ৰ'দ,
নিজস্ব সৌন্দৰ্য্যৰে, ন আবেগেৰে....
আহিনৰ পদূলিত
সৌৱা শৰত।
---------
চিনাকি বতাহজাকে কঢ়িয়াই আনিছে
কোনোবা অচিনা বনফুলৰ সুবাস,
সুদূৰ নিলিমাত শুকুলা মেঘৰ ধেমালি
কঁহুৱা কোমল শুভ্ৰতাৰে
সজাই নিজকে...
আহিনৰ পদূলিত সৌৱা শৰৎ।
গা-ভাৰী পথাৰখনৰ ভাঁজে ভাঁজে
বাঢ়ি আহিছে পিতাইৰ সপোন,
সেউজীয়াৰ পৰা সোনোৱালীলৈ...
আইৰ পদূলিত লখিমী আদৰাৰ প্ৰস্তুতি,
গেৰ ধৰা ধানৰ কোমল সুঘ্রানে খেতিয়কৰ মন ৰঙাই..
আহিনৰ পদূলিত
সৌৱা শৰৎ..।
নিশাৰ বুকুত শেৱালিৰ কথকতা,
জালিকতা ৰূপোৱালী জোনাকৰ মিঠা আচ্ছাদনে আবৰে চৌপাশ ..
সিঁচি দিছে একাজলি শীতলতা ,
শেৱালিৰ সুবাসেৰে সুবাসিত কৰি চৌদিশ....
মোৰ পদূলিত
সৌৱা শৰৎ।
শীতৰ কৰি আৱাহন
ছটিয়াই দিছে এআকাশ স্বপ্নৰঙী ৰ'দ,
নিজস্ব সৌন্দৰ্য্যৰে, ন আবেগেৰে....
আহিনৰ পদূলিত
সৌৱা শৰত।
0 Comments