সেই বাঁহীৰ সুৰ
-------------------
ৰিনি ৰিনিকৈ ভাঁহি আহিছিল
সেই বাঁহীৰ সুৰ....
কুৰুকি কুৰুকি সোমাই গৈছিল
মোৰ বুকুৰ গভীৰৰ পৰা গভীৰতালৈ......
মোৰ আইৰ চোতালত এৰি অহা
এবুকু সোঁৱৰণি হৈ........
যি বাঁহীৰ সুৰত মুখৰিত হৈছিল
গকুল, বৃন্দাবন.....
যি বাঁহীৰ সুৰত বাউলি হৈছিল
সহস্ৰ গোপিনীৰ প্ৰাণ..।
আজিও বুকুত মৃদু কম্পন তোলে
সেই বাঁহীৰ সুৰে..
স্মৃতিবোৰে হাত বাউলি মাতে
মোৰ শৈশৱৰ, মোৰ যৌৱনৰ
মোৰ একান্ত নিজৰ সময়বোৰৰ সংগী
সেই কৰুণ বাঁহীৰ সুৰটি.....
0 Comments