ফাগুন

ফাগুন

# ফাগুন

লাস্যময়ী বসন্তৰ আগজাননিত
সপ্ৰতিভ হৈছে প্ৰকৃতি
এয়া যে ফাগুন,
প্ৰেমৰ অনুৰাগেৰে মন উতলা কৰা
উন্মনা ফাগুন ।

বতাহজাকো ধীৰে ধীৰে চঞ্চল হৈ উঠিছে
চৌদিশ ধূলিয়ৰী কৰাৰ মন্ত্ৰণাৰে,
অভিমানী সৰাপাতবোৰে
সেউজীয়া দলিছা ত পাতিছে
বৰ্ণ ময় ৰঙৰ মেলা ।

চৌপাশে পলাশ, মদাৰৰ ৰঙীন শোভা
এজাৰ,কৃষ্ণচূড়াৰ ৰাগি লগা সৌন্দৰ্য
শীতে লঠঙা কৰা বিৰিখ ত
সানি দিছে আবিৰৰ মেলা,
কাৰণ এয়া যে ফাগুন,
স্মৃতি কাতৰতাত কুমলি উঠা
অনুভৱী ক্ষণ ।

Post a Comment

0 Comments