জীৱন
সময়ৰ বোকোচাত
নিজস্ব গতিৰে
আগবাঢ়ে জীৱন
কেতিয়াবা সুখৰ বাটেৰে
কেতিয়াবা দুখৰ...
কেতিয়াবা সুখৰ বাটেৰে
কেতিয়াবা দুখৰ...
সঘনে সলনি হয়
জীৱনৰ বাট
সুখৰ পৰা দুখলৈ
ঘনে ঘনে আহে প্ৰত্যাহ্বান
তথাপিও অবিৰত
সুখৰ পৰা দুখলৈ
ঘনে ঘনে আহে প্ৰত্যাহ্বান
তথাপিও অবিৰত
এই যাত্ৰা...
সময়ৰ বুকুতে খহে
দুখৰ পাহাৰ
নতুনৰ গইনাত
পুনৰ জী উঠে আশা..
তথাপিও অমূল্য এই জীৱন
তথাপিও মোহনীয়..
কাৰণ দুখৰ বুকুতে যে
অংকুৰণ হয় সুখৰ বীজ
সুখ দুখৰ সমাহাৰেই জীৱন।
0 Comments