অসমীয়া শ্বায়েৰী

অসমীয়া শ্বায়েৰী

              (১৫)

তোমাৰ বাবেই পিন্ধিছিলোঁ সুখৰ চোলা,
তুমি আজি সুখবোৰ কাঢ়ি নিলা
উপহাৰ দিলা বিৰহৰ জ্বালা।

            (১৬)

সময়বোৰ বৰ নিষ্ঠুৰ
কোনে জানে কেতিয়া কাৰ হৃদয়ত
 গুজি যায় বিষাদৰ কলীয়া চাদৰ।

           (১৭)

তোমাৰ অবিহনে নাবাজে বুকুত নূপুৰ,
হে প্ৰিয়তম,
তুমি আহি সিঁচি দিয়া
এমুঠি সুখৰ সপোন।

         (১৮)

প্ৰেমৰ আলিয়েদি তোমাৰ হৃদয়লৈ বাট বুলিলোঁ,
তোমাৰ হৃদয়ত আনৰ প্ৰতিচ্ছবিহে দেখিলোঁ।

        (১৯)

সপোন যিমান মধুৰ
বাস্তৱ সিমান গধুৰ
সপোনবোৰো এদিন বাস্তৱ হব
যদি কৰা সংগ্ৰাম নিৰন্তৰ।

          (২০)

আকাশত কলীয়া ডাৱৰ চাবলৈ
কাৰনো মন যায়,

বিচাৰিলেই জানো সুখৰ মদিৰা
জীৱনত কোনোবাই পায়।

           (২১)

সপোন ভঙাৰ পাছতো বাছি থাকে উশাহ,
আন্ধাৰৰ মাজতো ধিমিক ধামাক
জ্বলি থাকে এগছি চাকি,
সেইয়াইটো আশা।

            (২২)

হেঁপাহবোৰে থোৰ মেলিছিল
মনৰ নিজানত তোমাৰ ছবি আঁকি,
বতাহজাক জোৰেৰে বলিলে
চাকিগছি নুমাই থাকিল
পৰি ৰ'ল অভিশপ্ত নিশা টি।

          (২৩)

যন্ত্ৰণাৰ ৰং কেনেকুৱা সেইয়া তোমাক নোসোধোঁ,
তুমি দিয়া যন্ত্ৰণাবোৰ যে ৰঙা
সেইয়া ভালকৈয়ে জানো।

            (২৪)

তোমাৰ এধানি মৰমৰ বাবে 
কত হাবাথুৰি খালোঁ
মৰমৰ নামত তোমাৰ পৰা
প্ৰতাৰণাহে পালোঁ।

           (২৫)

সময় গতিশীল কেতিয়াও নৰয়,
বিচ্ছেদেহে বুজাই গুৰুত্ত্ব আপোনজনৰ।

          (২৬)

বেছি আশা কৰিবলৈও লাগে ভয়,
কিয়নো আশাবোৰ নিৰাশা হ'বলৈ
নালাগে বেচি পৰ।

          (২৭)

নতুনৰ বুকুত পুৰণি বোৰ হয় ম্লান,
বাস্তৱৰ বুকুত স্মৃতিবোৰ হয় বিলীন।

Post a Comment

0 Comments