শৰতৰ আগমনত
ক্ৰমশঃ আহিনীয়া আবেশ এটাই
মেৰিয়াই ধৰিছে মোক...
ৰোৱতী পথাৰখনৰ পৰা ভাঁহি অহা
গাখীৰতী ধানৰ সুবাসটোতো
আজি ইমান ৰাগি..
আকাশৰ বুকুত ফুলা
শুভ্ৰ মেঘবোৰৰো কিযে নাচোন
ঠিক যেন নৈ খনৰ লগত মিতিৰ পাতি
কঁহুৱাৰে শুভ্ৰতাৰ চাদৰ পাৰি বহিছে
তুমি যে আহিছা তাৰেই গুণাগঁথা।
ৰাতিৰ আকাশখনেও জোনাক পিন্ধি
চৌদিশে সিঁচি দিছে
মায়াময় ৰূপোৱালী পোহৰ
পদূলিৰ শেৱালিজোপাতো
তোমাৰেই আবাহনী বতৰা।
বাৰিষাৰ তিক্ততাৰ অন্তত
প্ৰকৃতিও সাজিছে ন ৰূপেৰে
চাৰিওফালে বিলাই দিছে
শাৰদী ৰাণী
তোমাৰেই আগমনৰ বতৰা
0 Comments