#গুৰু তোমাক প্ৰণাম
------------------------------
মমবাতিৰ দৰে নিজেই গলি
আনক পোহৰ কৰে
তেৱেঁই গুৰু..
যাৰ জ্ঞানৰ অটল সমুদ্ৰৰ পৰা
এটি এটি কৈ জ্ঞান-নিৰ্মালি বুটলি
আমি সমৃদ্ধ হওঁ
আৰু আমি দেখুৱাই দিয়া বাটেৰে
খোজ লয়
আমাৰ নব প্ৰজন্ম।
সহিষ্ণুতাৰ প্ৰতীক তেওঁ
প্ৰীতিৰ নিস্বাৰ্থ বন্ধনেৰে বান্ধি
আমাক দিয়ে
জীৱন গঢ়াৰ মন্ত্ৰ।
হে জ্ঞানৰ পূজাৰী
হে প্ৰজ্ঞাৰ সাধক
আজি এই পবিত্ৰ ক্ষণত
তোমাক জনাওঁ শত সহস্ৰ প্ৰণাম।
হে গুৰু তোমাক প্ৰণাম।
(শিক্ষক দিৱসৰ অনুভৱ)
1 Comments
Xundor anuvab
ReplyDelete