শৰৎ

শৰৎ

 ##শৰৎ


আহিনৰ হাতত ধৰি

 আহিছা তুমি

নিয়ৰে ধোৱা দুবৰিত 

মুঠি মুঠি জোনাক সিঁচি........


নৈপৰীয়া কঁহুৱাই 

কাণে কাণে ক'লে বতাহক

তুমি অহাৰ বতৰা....


তোমাৰ বাবেই..

মোৰ চোতালত শেৱালিৰ সুবাস....

বাটবোৰেও পোৱালি মেলিছে

তুমি অহাৰ বাবেই..

পথাৰত কৃষকৰ সপোনবোৰে

পোখা মেলিছে......


আৰু তুমি অহাৰ বাবেই..

অনামী সপোনবোৰে পাখি মেলিছে

মোৰ কলিজাত।

Post a Comment

0 Comments