জীৱনৰ সমস্ত যন্ত্ৰণা
বুকুত সামৰি
সুখী মানুহবোৰে হাঁহিব পাৰে,
বুকুৰ কুঠৰীত
চকুপানীবোৰ গোট মাৰে
তাৰ পাছতো কৰিব পাৰে
তেওঁলোকে
সুখৰ মনোহৰ কল্পনা..
সেয়ে সুখী মানুহবোৰে
হাঁহিব পাৰে
কৰিব পাৰে জীৱন উদযাপন
আৰু লিখিব পাৰে
সুখৰ কবিতা...
সুখী মানুহ বোৰো
নিঃসংগতাত ভোগে,
সুখী মানুহ বোৰকো
প্ৰেমহীনতাই কাতৰ কৰে
তাৰ পাছতো সুখী
তেওঁলোক
কিয়নো
তেওঁলোকে জানে
জীৱন উদযাপনৰ মন্ত্ৰ
কিয়নো
তেওঁলোকে বিশ্বাস কৰে
সুখ দুখ জীৱনৰেই অংগ
দুখনো নাথাকে কাৰ
যন্ত্ৰণাৰ সাগৰত
ডুবি থাকিও যি হাঁহিব পাৰে
যি আশাৰ বুকুত
জীয়াব পাৰে
তেওঁলোকেই টো সুখী...
সেয়ে
সুখী মানুহ বোৰে
হাঁহিব পাৰে।
0 Comments