পুৱতিৰ কুঁৱলীৰ
শুভ্ৰজাল ফালি
মোৰ খিৰিকী মুখত
থিতাপি ল'লেহি
একাজলি সোনসেৰীয়া ৰ'দ...
নিদ্ৰাৰত দুচকুৰ পতাত
তেতিয়াও পুৱাৰ
চিকুণ টোপনিত নিচা...
গাৰুৰ গিলিপত
দো খাই থকা সপোনবোৰো
কেনিবা পলাল..
কিচিৰ মিচিৰ পখীৰ কোলাহলেৰে
মুখৰ হ'ল মোৰ চৌপাশ
ৰাতিৰ আন্ধাৰ বোৰ
আঁতৰি যোৱাৰ সময়তেই
এজাক চেঁচা বতাহে
লৈ আনে এমুঠি
পোহৰৰ
আৰু এনেদৰেই
আৰম্ভণি হয়
এটি শীতৰ পুৱা..
0 Comments