কিমান উজাগৰী প্ৰহৰ
পাৰ কৰিছিলোঁ
তুমিহীনতাত
কিমান যে আকলত
বিচাৰি ফুৰিছিলোঁ তোমাক
অথচ
অতি সংগোপনে
কেতিয়া যে সোমাই পৰিলা
![]() |
মোৰ স্বপ্নৰ পৃথিৱীত..
হয়তো আছা তুমি
নীৰৱে মোৰ
মনৰ অটল গহ্বৰত
সেয়ে হয়তো আহা নিতে
স্বপ্নৰ জগতত
এজাক জোনাকীয়ে
বাট পোহৰাই
তুমি অহাৰ বাবে
মোৰ মনত
হাজাৰ ৰজনীগন্ধাৰ সুবাস
তুমিও দেখানে মোক
তুমিও অনুভৱ কৰানে
যিদৰে মই কৰো
দিঠকটো যেন আৱৰি
থাকা মোক
এবুকু মৰমেৰে
হয়তো এয়েই ভালপোৱা
জীৱনৰ অন্তহীন বাসনা।
0 Comments