ফাগুনৰ উদাসী আবেলিটো তিয়াই
নামি আহিল
আকাংক্ষিত বৰষুণজাক
এটোপ দুটোপকৈ..
জীপাল হ'ল ধূলিয়ৰী ধৰা
প্ৰকৃতিয়ে যেন পিন্ধি ল'লে
স্বচ্ছতাৰ সাজ
বৰষুণজাকৰ আগমনত
প্ৰাণ পালে লঠঙা গছবোৰে
বৰষুণ সিহঁতৰ কাম্য
বৰষুণেই অংকুৰিত কৰিব
সেউজীয়াৰ বীজ
বৰষুণেই আনিব সজীৱতা
বৰষুণ
নামি আহা
সজীৱ কৰা প্ৰকৃতি
খেতিয়কৰ সপোনবোৰ
সজাল কৰা
সেউজীয়াৰে উপচি পৰক
ধূলিয়ৰী ধৰা।
0 Comments