ফাগুনৰ কবিতা

ফাগুনৰ কবিতা





ৰিঙা ৰিঙা দুপৰীয়াটো

চুতীয়া শালিকীজাকৰ কিৰিলিত

মুখৰ হ'ল

খিৰিকীৰে চাই দেখিলোঁ

এআকাশ জুইফুল..

লঠঙা ডালত

শিমলু ফুলীয়া সপোন..

সৰাপাতবোৰে ক'লে

এই বাটেৰে ফাগুন আহে

গুমৰাগৰ চেৱত মন দোলে

ফাগুন মানেইটো 

অবুজ ভাৱনাৰ গুঞ্জন,

ফাগুন মানেইটো 

প্ৰেমৰ সেউজীয়া সপোন।

ফাগুন মানেইটো আশাৰ শলিতা,

ফাগুন মানেইটো এটি মিঠা কবিতা।




Post a Comment

0 Comments