নাৰী

নাৰী


 আন্তৰ্জাতিক নাৰী দিৱস–২০২১ 


#নাৰী


দুখৰ হাজাৰটা অজুহাত লুকুৱাই

এটা অজুহাততে সুখী হ'ব জানে

তেওঁ নাৰী।


এমুঠি ৰঙাৰ বাবে 

সকলো ৰং ত্যাগিব পাৰে

তেওঁ নাৰী।


সন্তানৰ সুখৰ বাবে

নিজৰ সকলো অসুখ 

আওকাণ কৰিব পাৰে

তেওঁ নাৰী।


যি সকলো যন্ত্ৰণা সহিও

হাঁহিব পাৰে,

যি সকলোকে  সুখী কৰাৰ

নিৰন্তৰ চেষ্টা কৰে।

তেওঁ নাৰী।


তেওঁ মমতাময়ী

তেওঁ কৰুণাময়ী


তেওঁ অনন্যা

তেওঁ যুগে যুগে বন্দিতা

তেওঁ নাৰী।

Post a Comment

0 Comments