ব'হাগৰ কবিতা

ব'হাগৰ কবিতা

    ব'হাগ


অতি সংগোপনে বাসন্তী মলয়ে

লঠঙা বিৰিখক 

সেউজীয়াৰে সজায়..

কুলিৰ কোমল মাতে 

ব'হাগীক আনে

হিয়াত আনন্দৰ লহৰ তোলে

নাচনীৰ খোপাত 

কপৌফুলীয়া হাঁহি

ঢোল ,তাল, পেঁপাই ৰজনজনাই

নৱ ব'হাগে

বিহু আগমণি দিলেহি সোঁৱৰাই।


পেহীদেউৰ তাঁতশালত

ঘনাই নাচিছে দোৰ্পতি

বিহুৰ আগতে নোলালে গামোচা

হ'ব তাঁত বিহুচেৰা।

খুৰীদেউৰ আখলৰ চিৰা ,পিঠা, লাড়ু

আৰু কত যে কি মৰম বিলোৱা।

ব'হাগৰ বিহু যে অতি আদৰুৱা।


ব'হাগে আনে প্ৰেমৰ বতৰা

ব'হাগে লিখে আশাৰ মালিতা

ব'হাগ অসমীয়াৰ প্ৰাণ

ব'হাগতে অংকুৰিত হয় 

প্ৰকৃতিৰ নৱজীৱন।

Post a Comment

0 Comments