জ্যোতিৰ জ্যোতি

জ্যোতিৰ জ্যোতি


 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পবিত্ৰ জন্মদিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।


জ্যোতিৰ জ্যোতি

-------------------------


হে শিল্পী

সুন্দৰৰ পূজাৰী

সুন্দৰ সৃষ্টিৰ সপোনেৰে

মনেৰে প্ৰাণেৰে তুমি

সমূহৰ সকলো আশা, ভাষা        

 আপোনাতে বিলীন কৰি

গাই গ'লা জনতাৰ গান।

 শিল্পী ,তুমি মহান।


অসমীয়া সংস্কৃতিক 

বিশ্ব সংস্কৃতিৰে বন্ধাৰ হেতু

সাংস্কৃতিক বিপ্লৱেৰে তুমি

দুষ্কৃতিৰ বিৰুদ্ধে যুঁজি

ভাঙিলা অন্ধকাৰৰ প্ৰহৰ,

শিল্পী তুমি ৰূপান্তৰৰ।

 

শব্দৰ যাদুৰে গাঁঠিলা

সুৰৰ সমলয়,

যি সুৰৰ তালে তালে চলে              

 অভিযান আলোক যাত্ৰাৰ,

শিল্পী তুমি তিনিও কালৰ।


নানা জাতি, নানা ভাষা

একত্ৰিত কৰি

ৰচিলা তুমি অপূৰ্ব সংগীত

যি সংগীতৰ ছন্দে ছন্দে

ন-উন্মেষণৰ গান,

শিল্পী তুমি চিৰ জ্যোতিষ্মান।


Post a Comment

2 Comments