ৰাভাদেৱৰ সশ্ৰদ্ধ সোঁৱৰণত
বিষ্ণুৰাভা
---------------------
হে কৃষ্টিৰ স্বপ্নদ্ৰষ্টা
হে সংগ্ৰামী সত্তা
অসমীয়াৰ হিয়াৰ আমঠু
হে মহান জনতাৰ শিল্পী
তোমাক শত-সহস্ৰ প্ৰণাম।
হে বিষ্ণুৰাভা
তোমাৰ আভাৰেই আজি
বলীয়ান আমি
দুৰ্ঘোৰ তমসা আতৰাই
সজালা সুৰৰ দেউল।
হে নটৰাজন
তোমাৰ নৃত্যৰ তালে তালে
তোমাৰ সুৰৰ ঝংকাৰে
তোমাৰ চিত্ৰৰ ভাজে ভাজে
জাতি প্ৰেমৰ , দেশপ্ৰেমৰ
অক্ষয় চানেকি ৰাখি
কৰি গ'লা অসমীয়াক সমৃদ্ধ।
হে আলোকসন্ধানী
সৰ্বকালৰ সৰ্বগুণী
তুমি আছা এতিয়াও
অসমীয়াৰ প্ৰাণত
তুমি আছা সৰ্বহাৰাৰ মাজত
তুমি আছা বিপ্লৱী সত্তাৰে
যুগজয়ী অমৰ প্ৰেৰণাৰে
তুমি আছা অসমীয়াৰ সাহস হৈ
প্ৰতিদিন, প্ৰতিনিয়ত ।
হে কলাগুৰু
হে সুন্দৰৰ পূজাৰী
তোমাক শত সহস্ৰ প্ৰণাম।
0 Comments