অনুভৱৰ কৰণি-অসমীয়া কবিতা -ONUVABAR KARANI-ASSAMESE POEM

 #জয় আই অসম


সংকটৰ গৰাহত আজি

জাতিৰ অস্তিত্ব....

সন্মুখত অন্ধকাৰছন্ন ভৱিষ্যত

বদনৰূপী পুত্ৰই কৰিছে আজি

জাতি ধ্বংসৰ আখৰা।


চৌদিশ আজি উত্তপ্ত

চৌপাশে প্ৰতিবাদৰ ঢৌ

বিদেশীক বৰপীৰা পাৰি

নিজৰ ঘৰতে আলহী আজি খিলঞ্জীয়া।


লাঞ্ছিতা আইৰ ক্ৰন্দন শুনাৰ

সময় নাই আজি বৰমুৰীয়াৰ

ক্ষমতাৰ ৰাগীত সকলো উদ্মাদ প্ৰায়

সন্মুখত দেখিছে কেৱল স্বাৰ্থ নিজৰ।


অসমী সন্তান আজি জাগি উঠিছে

স্বাৰ্থান্বেষী ৰ স্বৰূপ চিনিছে

জাতি মাটি ভেটিৰ ৰক্ষাৰ হেতু

সকলো ৰাজপথলৈ ওলাই আহিছে।


জাগা হে অসমীয়া

মাতৃৰ সংকট ৰ বেলা

সকলো ওলায় আহা..।


হাতত হেংদাং লবলৈ আজি

লাচিত নাথাকিলেও

লাচিতৰ তেজ আছে 

প্ৰতিজন অসমীয়াৰ গাত..

.হাতত হেংদাং নাথাকিলেও

 একতাৰ শক্তি আছে...


এতিয়াও আছে সময়

জাগি উঠা অসমীৰ সন্তান...

মাতৃৰ ৰক্ষাৰ বাবে 

সকলো ওলাই আহাঁ..

সকলোৱে এক মুখে কোৱা


জয় আই অসম।

জয় আই অসম।

Post a Comment

0 Comments