অনুভৱৰ কৰণি-অসমীয়া কবিতা -ONUVABAR KARANI-ASSAMESE POEM

 লিখা নহল কেতিয়াও সেই কবিতা

যি কবিতাৰ ৰন্ধে ৰন্ধে

মাথোঁ তুমি আছিলা

কোৱা নহ'ল কেতিয়াও সেই কথা

যি কথাৰ শ্ৰোতা

কেৱল তুমি আছিলা..

নোকোৱাকৈয়ে  দেখোন বুজিলা তুমি

নপঢ়াকৈয়ে বাট ল'লা

মোৰ হিয়াৰ পধূলিলৈ

মোৰ মনৰ ঘৰ জুৰি বহিলা

এতিয়া

তুমিয়েই চোন মোৰ

জীৱনৰ শলিতা

প্ৰেম হয়তো এনেকুৱাই

নোকোৱাকৈ য়ে

অনুভৱ কৰিব পাৰি হিয়াৰ

গোপন আলাপ।

Post a Comment

0 Comments