(৪)
জানো কেতিয়াও নাহা তুমি এই বাটেৰে,
তথাপিও বাট চাই ৰওঁ তোমালৈ বাৰে বাৰে।
(৫)
সুখৰ পৰা দুখলৈ কিমাননো বাট,
যদিহে হেৰাই সম্পৰ্কত বিশ্বাসৰ আঁত।
(৬)
তেওঁ নীলা ভাল পাইছিল
মই তেওঁৰ বাবে আকাশ হৈছিলোঁ,
হঠাৎ তেওঁ বৰণ সলালে
আৰু মই ৰংহীন হৈ পৰিলোঁ।
(৭)
কোনো কাৰো আপোন নহয়
মাথোঁ দুদিনীয়া মায়া,
সুখ-দুখ লগতে লৈ
নিজেই নিজৰ লগৰীয়া।
(৮)
সপোনৰ উপত্যকাত উটি ভাঁহি ফুৰোঁ,
সপোনৰ ভৰতে দিঠকত জিয়াওঁ।
(৯)
ভাবিছিলোঁ তুমি আহি ভাঙিবা অভিমানৰ চোলা,
কিন্তু তুমি ভুল বুজি আতঁৰিহে গ'লা।
(১০)
সম্পৰ্কবোৰ হয়তো কাচতকৈও ঠুনুকা,
যিটো সামান্য টোকৰ ত সম্পৰ্ক ভাগে
সেইটো টোকৰ ত হয়তো কাচ নাভাগে।
(১১)
কিমান আৰু বজোৱা বিষাদৰ বীণ,
পোৱাবোৰেৰে জীৱন সজাই
এবাৰ সুখী হৈ চোৱাচোন
হৈ পৰিব জীৱন ৰঙীন।
(১২)
আকাশৰ বিশালতাৰে নুজুখিবা প্ৰেমৰ বিশালতা,
সাগৰৰ গভীৰতাৰ নুজুখিবা প্ৰেমৰ গভীৰতা,
প্ৰেম এক শ্বাস্বত অনুভূতি
নাই কোনো পৰিসীমা।
(১৩)
শেষ বাৰৰ বাবে তুমি যি কথা ক'লা,
সেইয়াই আছিল মোৰ দুখৰ সীমনা।
(১৪)
যোৱাৰাতি সপোনত দেখিলোঁ তোমাক,
ছটিয়াই দিলা মোৰ চোতালত এমুঠি জোনাক।
2 Comments
Moja baidew
ReplyDeleteThank you very much
ReplyDelete