একাজলি সুখ
------------------------
এচোতাল জোনাকেৰে
মোৰ চোতাল উপচাই
যিদিনা আহিলা তুমি মোৰ কোলালৈ
দুহাতেৰে আজলি পাতি ললোঁ
একাজলি সুখ।
শূণ্য বুকু মোৰ
সৰগী সুখেৰে ভৰিল
উদাসী আবেলিবোৰ মোৰ
মুখৰ হ'ল
মাতৃত্বৰ মমতাৰে সাৱটি ল'লো
বুকু ভৰাই পান কৰিলোঁ
এবুকু সুখৰ মদিৰা।
তোমাৰ হাঁহিত মুকুতা সৰিল
ঠুনুক থানাক খোজত
শৈশৱ নামিল
ফুটো-নুফুটো তোমাৰ মাতত
বিচাৰি পালোঁ একাজলি সুখ।
তোমাৰ নামতে অংকুৰণ হ'ল
এবুকু আশা
তোমাৰ বাবেই পাহৰি গ'লো
জীৱনৰ সকলো ব্যথা
তোমাৰ মাজতে বিচাৰি পালোঁ
জীৱন ৰঙাই তোলা
একাজলি সুখ।
1 Comments
Xundor
ReplyDelete