সম্ভাৱনাৰ অযুত প্ৰত্যাশা
বুকুত বান্ধি
পুনৰ আহিল নৱবর্ষ
মেলানি মাগিলে
পুৰণি বছৰটোৱে
বুকুত সামৰি বহুজনৰ
স্বপ্ন, আশা -নিৰাশা,
সুখ-দুখ, হুমুনিয়াহ
নতুনক পোৱাৰ দুৰ্বাৰ হেঁপাহেৰে
হেৰোৱা ৰং বোৰ পুনৰ বোলাবলৈ
আঁত হেৰোৱা সপোনবোৰ
পুনৰ গাঁঠি ল'বলৈ
পুনৰ আহিল নৱবর্ষ।
কাঁচি ৱলী ৰ'দ জাকত
জকমকাই উঠিল
এটা নতুন দিন।
1 Comments
Hi add your blog in assamese blogger directory.. Or msg to bloggerassamese facebook page
ReplyDeleteBloggerassamese.blogspot.com